women empowerment projects

কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া নগৰ আঞ্চলিকৰ নেতৃত্বত যোৱা ০৫-০১-২০২৩ তাৰিখ বৃহস্পতিবাৰ আৰু ০৬-০১-২০২৩ তাৰিখ শুক্ৰবাৰ আজি দুই দিনীয়া কাৰ্য সূচীৰে গাঁৱৰ পিছপৰা অঞ্চলৰ দুখীয়া বিধৱা, অবিবাহিত মহিলাক বিনামূলীয়াকৈ চাদৰৰ দহিগোঠা,চিলাই প্ৰশিক্ষণ দিয়া হয়। উক্ত প্ৰশিক্ষণত প্ৰশিক্ষণ দিয়ে ৰঙিয়া অঞ্চলৰ এই বিষয়ত অৰ্হতা থকা মা কামাখ্যা লেডিচ টেইলৰিং আৰু বুটিকৰ স্বত্বাধিকাৰী শ্যামল দেৱ নাথে। তেখেতৰ এই সহযোগিতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰশিক্ষণত মুঠ দহজনী মহিলাক প্ৰশিক্ষণ দিয়া হয়।

শেষত এই প্ৰশিক্ষণ টো আগবঢ়াই নিয়াত সহায় কৰা আমাৰ আঞ্চলিকৰ বিষয়-ববীয়া তথা সদস্য-সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Wariors কাকডোঙা আঞ্চলিকৰ তৰফৰ পৰা কাকডোঙা উত্তৰ পশ্চিম গাওঁ পঞ্চায়তৰ সমীপত যোৱা কালি ৯/১/২০২৩ তাৰিখৰে পৰা ১১/৩/২০২৩ তাৰিখলৈ তিনিদিনীয়া ভোগালী মেলাৰ অনুষ্ঠিত কৰা হৈছে ৷ এই ভোগালী মেলাত বিহুৰ পিঠাপনা , দৈ,গুৰকে ধৰি বহুখিনি খাদ্য সামগ্ৰীৰ ৰখা হৈছে । লগতে ৰখা হৈছে সতীৰ্থ কুঞ্জলতা বৰা বাইদেউৱে নিজেই উৎপাদন কৰা কাপোৰ ধুৱা চাবোন ৷ অসমীয়া ঘৰতে বোৱা কাপোৰ , বাহৰ সামগ্ৰী ইত্যাদি বোৰ উপলব্ধ আছে ৷

কাকডোঙা আঞ্চলিকৰ তৰফৰ পৰা পৰা এই বজাৰ খন শুক্ৰবাৰ দিনটোত সাপ্তাহিক হিছাপে দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কাৰ্যসূচীটোত অংশগ্ৰহণ কৰা সতীৰ্থ সকল ক্ৰমে সম্পাদিকা তুলপ্ৰিয়া দত্ত হাজৰিকা, বিত্ত সম্পাদিকা মিতালী দত্ত বৰদলৈ, জনসংযোগ সম্পাদিকা শুভাংক্ষী বৰা ৷ সদস্যা মিনা পাঠক আৰু কুঞ্জলতা বৰা ৷

বিশ্বনাথ জিলা *WARIORS* ৰ উদ্যোগত

৭/১/২০২৩ আৰু ৮/১/২০২৩তাৰিখে দুদিনীয়া কাৰ্য্যসূচী ৰে প্ৰাক ভোগালী মেলাৰ আয়োজন:

WARIORS ৰাজ্যিক সমিতিৰ অনুমোদন মৰ্মে বিশ্বনাথ জিলা WARIORS ৰ তৰফৰ পৰা আৰু বিশ্বনাথ জিলা ৱাৰিয়ৰছৰ অন্তৰ্গত থকা আঞ্চলিক সমূহ ক্ৰমে গহপুৰ আঞ্চলিক,বিহালী আঞ্চলিক,মোনাবাৰী আঞ্চলিক,বৰকুৰা আঞ্চলিক,সাধাৰুপাৰ আঞ্চলিক,চতিয়া আঞ্চলিক বালিচাং আঞ্চলিকৰ সহযোগত *WARIORS ৰ* লক্ষ আৰু উদ্দেশ্য ৰ লগত সংগতি ৰাখি মহিলা সবলীকৰণৰ দিশত আগবঢ়াই নিবৰ বাবে এখনি প্ৰাক ভোগালী মেলাৰ আয়োজন কৰি WARIORSৰ অধ্যক্ষ মাননীয় উৎপল শিবম মহোদয়ৰ শ্ৰীহস্তত মেলাৰ দ্বাৰ উন্মোচন কৰি শুভৰাম্ভ কৰা হয়।এই মেলাত বিশ্বনাথ জিলা WARIORS আৰু আঞ্চলিক ৰ সতীৰ্থসকলে নিজহাতেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ সুস্বাদু লাৰু,পিঠা-পনা আদিৰ উপৰিও হস্ত নিৰ্মিত বাঁহ আৰু কাঠেৰে তৈয়াৰী সামগ্রী ,বাল্বৰ লগতে ফুলপুলি-গছপুলি আদি নিজা আঞ্চলিক ৰ WARIORS ৰ বেনাৰৰ তলত বিক্ৰী ও প্ৰদৰ্শনী ৰ বাবে ৰাখি সম্পূর্ণ অংশগ্ৰহণৰে সহযোগ কৰে। উক্ত মেলাত সম্পূর্ণ দুদিন ধৰি বহু লোকৰ আগমনত প্ৰায়সংখ্যক সামগ্ৰী বিক্রি কৰি উৎসাহিত হৈ পৰাৰ লগতে WARIORSৰ বিষয়েও বহুলোকে জানিবলৈ পাই সদস্য হবলৈ আগ্ৰহ প্ৰকাশ কৰে।আঞ্চলিক সমূহে আয়োজক বিশ্বনাথ জিলা WARIORS ৰ এনে ধৰণৰ বিপনী পাতি ভাগ লবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পুন: এনে অনুষ্ঠান পাতিবৰ বাবে আহ্বান জনায়।উদ্যম আৰু উৎসাহৰে আঞ্চলিক ৰ সতীৰ্থসকলক অনুপ্রাণিত কৰি এখোজ হলেও আগুৱাই নিবৰ বাবে সক্ষম হোৱাত আমি বিশ্বনাথ জিলা WARIORS উদ্যোক্তা হিচাপে সূখী আৰু নথৈ আনন্দিত হৈছো।আঞ্চলিক সমূহৰ আহ্বান আৰু সহাৰিৰ প্ৰতি সন্মান জনাই WARIORS প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা জিলিকাই তুলিবৰ বাবে পুনৰাই এনে অনুষ্ঠান পাতিবলৈ পদক্ষেপ লবলৈ মনস্থ কৰা হৈছে।শেষত এই কৰ্ম ভাগৰ সফল ৰূপায়নত জিলা আৰু আঞ্চলিক যিসকল সতীৰ্থ ই সহযোগিতা আগবঢ়াই ছে সেই সকলক বিশ্বনাথ জিলা WARIORS সমিতি ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ সকলো কাৰ্য্যসূচী তে সম্পূর্ণ সহযোগিতা কামনা কৰাহৈছে।

নাৰী স্বাৱলম্বীয়তাৰ বাবে বৰহাপজান আঞ্চলিক সমিতিয়ে বৰহাপজান হাই স্কুলৰ আগত পথৰ কাষতে ১১/১/২৩ৰ পৰা ১৪/১/২৩ তাৰিখ লৈ চাৰি দিনীয়া কাৰ্য্যসূচীৰে ঘৰতে তৈয়াৰী কৰা পিঠা পনাৰে আৰু বিহু লগত জড়িত কিছু বস্ত্ৰ সমগ্রীৰে এখন ভোগালী মেলা আয়োজন কৰা হয়।উক্ত মেলাত আমি যথেষ্ট পৰিমাণে ৰাইজৰ সঁহাৰি পাওঁ ।আৰু এই মেলাৰ পৰা আমি যথেষ্ঠ পৰিমাণে উপকৃত হওঁ ।সেইবাবে আমি ভৱিষ্যতে ও এনে ধৰণৰ পদক্ষেপ আকৌ লম বুলি সিদ্ধান্ত গ্ৰহণ কৰোঁ ।আৰু সদৌটি ৰাইজলৈ আমি পোৱা অভিজ্ঞতাৰ পৰা এটাই বাৰ্তা দিওঁ যে এনে ধৰণৰ পদক্ষেপ বোৰ সকলোৱে গ্ৰহণ কৰক তেতিয়া হয়তো আমাৰ মহিলা সকল আৰু এখোপ আগুৱাই যাব পাৰিম।

অৱশেষত ভোগালী বিহুৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক ,সকলোৰে আহি থকা জীৱন ভোগালীৰ ভোগেৰে উপচি পৰক ,মেজিৰ পৱিত্ৰ অগ্নিশিখাই নাশ কৰক সকলোৰে অপায় অমংগল আৰু অসুয়া ,অপ্ৰীতি ,ভোগালীৰ পৰম্পৰা আৰু আনন্দই সুদৃঢ় কৰক সাতামপুৰুষীয়া একতাৰ এনাজৰী ।তাৰেই কামনাৰে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।