OUR ACTIVITIES AND WORKS IN ENTIRE STATE

COVID VACCINATION CAMP AND HEALTH AWARENESS

FREE EYE CHECK UP,TREATMENT AND HEALTH CAMP

FREE EYE OPERATION OF A BLIND PATIENT OF MAJULI AT JMCH

OPERATION OF A 3 YEARS OLD BABY GIRL AT GMCH

OPERATION OF A POOR PERSON SUFFERING FROM HAND CANCER

HEALTH CAMP IN DIFFERENT DISTRICTS

Workshop among students by Kadonga anchalik,Golaghat wariors

STUDY MATERIAL DISTRIBUTION AMONG CHILDREN BY KAMALABARI ANCHALIK WARIORS COMMITTEE , MAJULI

FLOOD RELIEF DISTRIBUTION BY LAKHIMPUR DISTRICT WARIORS COMMITTEE

Finance secy of Lakhimpur district SAURABH JYOTI NATH DISTRIBUTING RELIEF IN SUCH A MISERIBLE SITUATION

BISWANTH DISTRICT WARIORS COMMITTEE PROVIDING MEDICAL TREATMENT TO A POOR PERSON SUFFERING FROM COMPLEX DISEASE

Lakhimpur Narayanpur wariors economically helped a 13 years old girl for her brain tumour treatment

Women awareness meeting at Numaligarh by Golaghat district”s wariors committee

FREE EYE CHECK UP CAMP AND TREATMENT AT KAKDONGA BY GOLAGHAT WARIORS COMMITTEE

AWARENESS AMONG PEOPLE ABOUT POLLUTION DURING DEEWALI FESTIVAL BECAUSE OF CRACKERS AND DISTRIBUTING DIYA AND SWEETS BY LAKHIMPUR WARIORS COMMITTEE

CLOTHING DONATION AMONG NEEDY PEOPLE

0

আজি ইং ১৫-০১-২০২৩ তাৰিখ ৰবিবাৰে, মৰঙি আঞ্চলিকৰ তৰফৰ পৰা বেঙেনাখোৱাস্থিত আমাৰ ঘৰ বৃদ্ধা আশ্ৰমত থকা ককা-আইতা সকলৰ লগত ভোগালী বিহুৰ উপলক্ষে জলপান খোৱাৰ লগতে ইংৰাজী নতুন বৰ্ষ আৰু ভোগালী বিহু বুলি আশীৰ্বাদ লোৱা হয়।

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে জিলাৰ সহঃ সম্পাদক তথা মৰঙি আঞ্চলিকৰ উপদেষ্টা উজ্বল দত্ত, উপ- সভানেত্ৰী প্ৰস্তুতি গগৈ, সম্পাদিকা কবিতা বৰুৱা, সক্ৰিয় সদস্যা মনীষা গগৈ। লগতে অন্য দিশত সহযোগ কৰে সক্ৰিয় সদস্য দেৱৰাজ প্ৰধানে

যোৱা ইং ১৮/০২/২০২৩ আৰু ১৯/০২/২০২৩ তাৰিখ শনি আৰু দেওবাৰে মৰঙি আঞ্চলিক সমিতিয়ে দুদিনীয়া কাৰ্য্যসূচীৰে বাণিজ্যিক মেলা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আৰু এখনি নাৰী সজাগতা সভা আয়োজন কৰা হয়।

প্ৰথম দিনা অৰ্থাৎ ১৮-০২-২০২৩ তাৰিখ শনিবাৰে প্ৰথম কাৰ্য্যসূচী সংস্থাৰ পতাকা উত্তোলন কৰা হয় পোৱা ৯.০০ বজাত, পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ উপদেষ্টা অজয় ফুকন ডাঙৰীয়াই লগতে সহযোগ কৰে গোলাঘাট জিলাৰ সহঃ সম্পাদক উজ্জ্বল দত্তই । ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে জিলাৰ সম্পাদিকা বৰ্ণালী শইকীয়াই আৰু সহযোগ কৰে ১২ খন আঞ্চলিকৰ সতীৰ্থ ও স্থানীয় ৰাইজে ।

দ্বিতীয় কাৰ্যসূচী পুৱা ১০.০০ বজাত মঞ্চ উদ্বোধন কৰা হয় আৰু মঞ্চ উদ্বোধন কৰে জিলাৰ সম্পাদিকা বৰ্ণালী শইকীয়াই লগতে সহযোগ কৰে উপদেষ্টা অজয় ফুকন ডাঙৰীয়াই। ইয়াৰ পিছতে জিলাৰ পৰা অহা বিষয়ববীয়া সকল আৰু অতিথি সকলক একো খনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। লগতে থুৰামুখ মধ্য এই ইংৰাজী বিদ্যালয়/ৰঙাজান জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

১১.৩০ বজাত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাৰ আৰম্ভ কৰা হয়, উদ্বোধন কৰে মৰঙি আঞ্চলিকৰ সভানেত্ৰী জুলি হাজৰিকাই আৰু এই প্ৰতিযোগিতা সমূহৰ বিচাৰকৰ আসন গ্ৰহণ কৰে ভাস্কৰ গগৈয়ে। দিনৰ দুই বজাত দুপৰীয়া আহাৰ গ্ৰহণ কৰা হয়। বিয়লি ৪.৩০ বজাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা সমূহ সমাপ্ত হয়। ৫.০০ বজাত বন্তি প্ৰজ্বলন কৰা হয়, বন্তি প্ৰজ্বলন কৰে স্থানীয় ব্যক্তি দিপালী গগৈ। ইয়াৰ পিছতে ৫.৩০ বজাত আঞ্চলিকৰ সতীৰ্থ সকলে স্থানীয় আই সকলৰ সহযোগত সামূহিক প্ৰাৰ্থনা কৰা হয়।

৬.০০ বজাত মৰঙি আঞ্চলিকৰ সতীৰ্থ সকলৰ অভিভাৱক সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। ৬.৩০ বজাত অসমীয়া সাজপাৰ প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰা হয়, সাজপাৰ প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ কৰি অনা হেমা চৌধুৰী, পূৰ্ণিমা দিহিঙীয়া গগৈ আৰু নিকু হাজৰিকাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে আৰু সৃষ্টিশীল নৃত্যৰ আমন্ত্ৰণ কৰি অনা ঋত্বিক ভৰদ্বাজ, দিপশিখা বৰা আৰু অনুপম নাথে বিচাৰকৰ আসন গ্ৰহণ কৰে। তেখেতসকল একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

দ্বিতীয় দিনা অৰ্থাৎ ১৯/০২/২০২৩ তাৰিখ দেওবাৰে পুৱা ১০.০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ কৰি অনা পাৰ্থ শইকীয়া আৰু বসন্ত বৰুৱাই বিচাৰকৰ আসন গ্ৰহণ কৰে, তেওঁলোকক একো খনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

১১.০০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ কৰা হয় আৰু এই প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰে আমন্ত্ৰণ কৰি অনা বিচাৰক মৃগাক্ষী ঠাকুৰ আৰু বনশ্ৰী গগৈয়ে তেওঁলোকক এখন ফুলাম গামোচাৰ সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছতে সকলোৰে দুপৰীয়া অহাৰ গ্ৰহণ কৰে।

দিনৰ ২.০০ বজাত সজাগতা আৰু বঁটা বিতৰণী সভা খন অনুস্থিত কৰা হয়, আৰু এই সভাৰ সভাপতি আসন গ্ৰহণ কৰে জিলাৰ স্থায়ী সভানেত্ৰী বনশ্ৰী গগৈয়ে। উক্ত সভাত উপস্থিত থাকে ৰিংকু ৰাগিনী( Wariors ৰাজ্যিক উপাধ্যক্ষা), মৃণাল শইকীয়া (ৰাজ্যিকৰ মুখ্য ৰক্ত প্ৰশাসক), উজ্জ্বল দত্ত (সহঃ সম্পাদক, গোলাঘাট জিলা), দেৱ প্ৰতিম দ’লে (বিত্ত সম্পাদক, গোলাঘাট জিলা), প্ৰিয়াংকী শইকীয়া (জনসংযোগ সম্পাদিকা, গোলাঘাট জিলা), সমূদ্ৰ সৈকত (সাংস্কৃতিক সম্পাদক, গোলাঘাট জিলা), মৃগাক্ষী ঠাকুৰ (বিচাৰক), সুমিত শৰ্মা (প্ৰৱক্তা, এইচ. পি. বি. কলেজ গোলাঘাট), মনোজ গগৈ (থুৰামুখৰ গাঁওবুঢ়া) আৰু কেইবাজনো ব্যক্তি, ৰাজ্যিকৰ বিষয়ববীয়া আৰু জিলাৰ সভানেত্ৰীক একোখনকৈ ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয় লগতে বাকী সকলোকে একোখনকৈ ফুলাম গামোচা, আৰু সম্বৰ্দ্ধনা পত্ৰই সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ২০২২ বৰ্ষৰ হালধিয়া যোতা গল্প পুথিখনৰ বাবে মুনিন বৰকটকী সাহিত্য বঁটা লাভ কৰা ঢেকীয়াল উপাসনা শইকীয়া সম্বৰ্ধনা জনোৱা হয় ৷

সন্ধিয়া ৬ বজাত আমন্ত্ৰণ কৰি অনা শিল্পী সকলৰ দ্বাৰা গীতৰ শৰাই সন্ধিয়া টো জীপাল কৰা হয়, আমাৰ এই দুদিনীয়া কাৰ্য্যসূচীত সহযোগ কৰে আঞ্চলিকৰ সভানেত্ৰী জুলি হাজৰিকা, জিলাৰ সহঃ সম্পাদক তথা আঞ্চলিকৰ উপদেষ্টা উজ্জ্বল দত্ত, উপ সভানেত্ৰী প্ৰস্তুতি গগৈ, সম্পাদিকা কবিতা বৰুৱা, জনসংযোগ সম্পাদিকা পিংকী পাঠক, বিত্ত সম্পাদিকা লবিতা গগৈ, সদস্য/সদস্যা ক্ৰমে- মণীষা গগৈ, বিকি গগৈ আৰু স্থানীয় যুৱক যুৱতী সকলে।

ইংৰাজী ১৭/০২/২০২৩ তাৰিখে শুক্ৰবাৰে বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত বিশ্বনাথ ঘাট পঞ্চমুখি আঞ্চলিক সমিতিৰ তৰফৰ পৰা প্ৰথম কাৰ্য্যসূচী গুপ্তকাশী বিশ্বনাথ

দেৱালয় ; বৰদৌল ;শিৱদৌল ; চণ্ডী মন্দিৰ আদি কৰি কেইবাখনো মন্দিৰৰ চৌপাশ শিৱ ৰাএিৰ প্ৰাকক্ষণত পৰিস্কাৰ পৰিছন্ন কাৰ্য্যসূচী ৰুপায়ন কৰি আমি নথৈ আনন্দিত হওঁ যিহেতু বিশ্বনাথৰ এই পবিত্ৰ ধামত শিৱৰাত্ৰি উপলক্ষে কেইবা হাজাৰো ভক্তপ্ৰান ৰাইজৰ সমাগম হৱ সেইয়ে এই কাৰ্য্যসূচী হাতত লোৱাৰ লগতে বাবা বিশ্বনাথৰ ওচৰত wariors ৰ পৰিয়ালৰ সকলোকে মঙ্গল কৰাৰ লগতে wariors যাতে আগবাঢ়ি যাব পাৰে প্ৰাৰ্থনা জনোৱা হয় ৷ এই চাফাই অভিযানৰ বাবে দেৱালয় সমিতিয়ে wariors ৰ ভূয়সী প্ৰশংসা কৰে ৷

উপস্থিত সদস্যৰ নাম: ১/ টুটুমনি দাস ২/ হিৰামনি নাথ ভৰালী ৩/ মিনতি দাস ৪/ সুমিত্ৰা দাস ৫/ জুৰি দাস ৬/গৌৰৱ জ্যোতি ভৰালী ৭/ কল্পনা দাস ৮/ চিম্পী দাস ৯/ জিৰিমনা তালুকদাৰ ১০/ মাইনু দাস ১১/ ৰিতুপৰনা হাজৰিকা ১২/ কিচনা দাস ১৩/ মল্লিকা দাস ১৪/ বিনা দাস ১৫/ অৰোনা দাস ৷

০৬/০২/২০২৩ তাৰিখ সোমবাৰে দিনৰ ১০ বজাৰ পৰা বিয়লি ১ বজালৈকে মাজুলী জিলা সমিতিৰ উদ্যোগত মিলিত কৃষ্টি সংঘ, বালিচাপৰিত এখনি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজ, প্ৰায় ৫৩ জনত কৈ বেছি লোকৰ সমাগম হয় আৰু বিনামূলীয়া ঔষধ লাভ কৰি লাভান্বিত হয়।

চিকিৎসক আৰু জিলা সমিতি আৰু আঞ্চলিকৰ বিষয়ববীয়া সকলোৰে সহঃযোগত ৱাৰিয়ৰ্ছৰ উক্ত কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ জড়িয়তে ৰাইজক ৱাৰিয়ৰ্ছৰ বিষয়েও অবগত কৰা হয়। মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ৰ ENT চিকিৎসক ড° ৰম্য পেগু ডাঙৰীয়াই সেৱা আগবঢ়ায়। লগতে তেওঁক এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

আজি কাৰ্যসুচীত উপস্থিত থাকে মাজুলী জিলা সমিতি সভানেত্ৰী মধুস্মিতা বৰা,সম্পাদিকা জ্যোৎস্না দাস,সহ:সম্পাদক বিনোদ দাস,বিত্ত সম্পাদিকা ৰশ্মিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক যদু দত্ত,জনসংযোগ সম্পাদিকা প্ৰীতিস্মিতা হাজৰিকা,জিলাৰ সক্ৰিয় সদস্যা বৃষ্টি শিখা হাজৰিকা,গড়মুৰ আঞ্চলিকৰ জনসংযোগ সম্পাদক কিৰণ দত্ত।