WARIORS DIARY

31-10-2022

যোৱাকালি সন্ধিয়া 7.40 বজাত আমাৰ জনসংযোগ সম্পাদিকা শিখামনী দত্তই ফোন কৰিছে , পূৰৱীবা আমগুৰিৰ ছোৱালী এজনীয়ে আমাৰ সহায় বিচাৰিছে আপুনি কথা পাতি ল’ব নম্বৰতো দিছোঁ । মই তেখেতলৈ ফোন কৰি গম পালোঁ যে তিনিচুকীয়া বাহাদুৰ চাহ বাগিচাৰ সাবিত্ৰী নামৰ মানুহ এগৰাকী চাবুৱা আমগুৰিৰ জীয়েকৰ ঘৰৰ পৰা আহোতে ভুল গাড়ীত উঠি ধেমাজি আমগুৰি পালেহি। ইপিনে আজিকালি সোপাধৰা আতংকৰ বাবে কোনো মানুহে তেখেতক আশ্ৰয় দিব বিচৰা নাই । লগে লগে মই আমাৰ সম্পাদক মানসজ্যোতি চেতিয়াৰ লগত আলোচনা কৰি আমাৰ সমন্বয়ক তিনিচুকীয়াৰ ৰঞ্জুবাইদেউৰ লগত যোগাযোগ কৰিলোঁ। ফটো শ্বেয়াৰ ধেমাজি আৰু তিনিচুকীয়াৰ গ্ৰুপত কৰা হ’ল। অলপ পিছত খবৰ পালো মানুহগৰাকীয়ে দিয়া বাগানৰ ঠিকনাটো শুদ্ধ আৰু আমি সুখী হৈ পৰিলোঁ। পিছে আমি বিমোৰত পৰিলো যিহেতু সময় বহুখিনি দেৰি হ’ল তেতিয়ালৈকে মানুহ গৰাকীক ৰাখিবলৈ নিৰাপদ ঠাই পোৱা নাই যিহেতু আমিও তাৰ পৰা যথেষ্ট দূৰত্বত আছোঁ। ইফালৰ পৰা সিফাললৈ ফোনৰ উপৰি ফোন কৰিছো কিন্তু সমাধান পোৱা নাই । আমগুৰি গাঁৱৰ ভিডিপি মানুহৰ হতুৱাই পুলিচত খবৰ দিয়া হৈছিল যদিও চিচিবৰগাওঁ পুলিচৰ গা এৰা মন্তব্যই বৰ নিৰাশ কৰিলে আমাক। কিন্তু আজিও যে পৃথিৱীত ভাল মানুহ আছে তাৰে প্ৰমাণ কৰিলে সেই মানুহ গৰাকীক ভাতপানী খোৱাই কাপোৰ কানি দি ৰাতিটো ঘৰতে ৰখা মৌচুমী দিহিঙ্গীয়া আৰু পল্লৱী দিহিঙ্গীয়াই। মানুহে মানুহৰ বাবে যে এতিয়াও কান্দে এয়া এক উদাহৰণ ।ৰাতিপুৱা 5টাতে ফোন কৰি জনাইছে এতিয়া চাহ খাইছে দেই বাইদেউ। ময়ো তেওঁলোকক আশ্বাস দি কৈছোঁ যে আমাৰ সম্পাদক আৰু মই 8 বজাত পাই যাম তেখেতক কিবা প্ৰকাৰে ৰাখি থওক আমি তেওঁক ঘৰলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা কৰি দিম । পিছে মানুহ গৰাকীয়ে যিহেতু বহুত ভয় খাই আছে সেয়ে তেওঁ ৰাতিপুৱাই যাবলৈ উৎপাত লগাইছে। মই ফোনত কথা পাতিছো কিন্তু তেওঁ কোনোপধ্যেই নামানে। ইপিনে হাতত এটকাও নাই সেয়ে তেওঁলোকে 100টকা এটা দি পঠিয়ালে। পিছে মানুহ গৰাকীয়ে আকৌ ওলোটাকৈ মাছখোৱা যোৱা ৰাস্তাৰে খোজেৰে গৈ থাকিল তেওঁলোকৰ কথা নুশুনি। অন্যফালে তেওঁলোকে উপাইহীন হৈ মোক ফোন মাৰি হাইৰান হৈ গৈছে । তাৰ অলপ পিছতে আমি গৈ তেওঁলোকক ফোন কৰিলত আটাইকেইজনে একেলগে আকৌ মটৰচাইকেল স্কুটি লৈ আৰম্ভ কৰিলো মানুহ বিচৰা পৰ্ব। শেষত যেনিবা দলং এখনৰ মুৰত বাটৰ কাষত তেওঁ জিৰাই লোৱা ঠাইতে আগভেটি ধৰি স্কুটিত বহুৱাই আনি হোটেলত খোৱাই -বোৱাই ডিব্ৰুগড়ৰৰ গাড়ীত উঠাই ভাড়া দি আকৌ তিনিচুকীয়াৰ গাড়ীত উঠাই দিবলৈ ড্ৰাইভাৰক বুজাই তিনিচুকীয়াৰ ভাড়তোও দি পঠিয়াইছোঁ আৰু ড্ৰাইভাৰ দাদাজনৰ ফোন নম্বৰতো ৰাখি লৈছোঁ। তেওঁ আমাক ফোন কৰোতে কৈছে মই ভালদৰে তিনিচুকীয়াৰ গাড়ীত উঠাই দিম আপোনালোকে নিশ্চিত হৈ থাকক। কালিৰ পৰা এতিয়াহে আমি শান্তিৰে উশাহ ল’ব পাৰিছোঁ।
পৃথিৱীৰ সকলো মানুহ কুশলে থাকক এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏।

WARIORS লখিমপুৰ জিলা সমিতি
তাৰিখ: ৩১/১০/২০২২
বিষয়: সম্বৰ্ধনা অনুষ্ঠান

      আজি ইং ৩১ অক্টোবৰ, ২০২২ তাৰিখ সোমবাৰে Wariors লখিমপুৰ জিলা সমিতি, লখিমপুৰ জিলাৰ অন্তৰ্গত হিন্দুগাওঁৰ বাসিন্দা  শ্ৰীযুত বিক্ৰমজীত বৰুৱা দেৱৰ ঘৰত উপস্থিত হও। তেখেতে সদ্য ঘোষিত ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ ( APSC ) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিলে । তেখেতৰ লগত মত বিনিময় কৰি আমি তেখেতৰ জীৱন তথা পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে বহু কথা জানিব পাৰোঁ। তেখতেৰ এই সফলতাত আমি অতিকৈ গৌৰৱাম্বিত ।
   সেয়েহে আজি Wariors লখিমপুৰ জিলা সমিতিৰ তৰফৰপৰা তেখেতক ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু কলমেৰে অভিনন্দন জনোৱা হয়। 
      আজিৰ কাৰ্যসূচীত উপস্থিত থকা লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া সকল হ'ল- 

১) শ্ৰীযুতা দিপালী দাস, (জিলা সভানেত্ৰী)
২) শ্ৰীমতী ৰেখাশ্ৰী হাজৰিকা ( জিলা সম্পাদিকা )

            লগতে নগৰ আঞ্চলিকৰ সভানেত্ৰী জিনামণি হাজৰিকা গগৈ বাইদেউ পানীগাওঁ আঞ্চলিকৰ উপসভানেত্ৰী আজিজা বেগম বাইদেউ  পানীগাওঁ আঞ্চলিকৰ সদস্যা গুলেনা বেগম বাইদেউ  উপস্থিত থাকে।

প্ৰতিবেদন
৩১/১০/২০২২

গোৱালপাৰা জিলা

গোৱালপাৰা জিলা সম্পাদিকা হিমাদ্ৰী মাইনা সোনোৱালৰ সহযোগত আজি ১১৮নং চি খামাৰ ঘোৰাপতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা ,সহ শিক্ষয়িত্ৰী মহোদয়া ,স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু গাওঁৰ মহিলা সকলৰ লগত ৰাষ্ট্ৰীয় একতা দৌৰ দিৱস পালন কৰা হয়।লগতে ৰাষ্ট্ৰীয় একতা দিৱসৰ সংগতি ৰাখি ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ধন্যবাদেৰে
গোৱালপাৰা জিলাৰ
সম্পাদিকা

WARIORS, বৰপেটা জিলা সমিতি
তাৰিখ: ৩১/১০/২০২২

বিশিষ্ট চিত্ৰশিল্পী শ্ৰদ্ধাৰ নীলপৱন বৰুৱা দেৱলৈ শ্ৰদ্ধাঞ্জলী 🪔🪔🪔

         আজি ইংৰাজী ৩১ অক্টোবৰ, সোমবাৰে সন্ধিয়া বৰপেটা ৱাৰিঅৰ্চৰ তৰফৰ পৰা বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱলৈ একাজলী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেঁখেতৰ বিয়োগত আমি বৰপেটা জিলা সমিতিয়ে  গভীৰভাৱে শোক প্ৰকাশ কৰি তেখেতলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷

আমি আটাইয়ে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো ।🙏🙏🙏

ৰক্ত দাতা- তিলক নাথ
বিশ্বনাথ অসামৰিক চিকিৎসালয়

প্ৰতিবেদন
৩১/১০/২২
Wariors বঙাইগাঁও জিলা সমিতি

বঙাইগাঁও wariors জিলা✊ সমিতিৰ পৰোক্ষ সহযোগত এজনী ছোৱালী উদ্ধাৰ।

   দূপৰীয়া ফেচবুকৰ যোগেদি পোৱা পষ্ট ( মানসিক বিকাৰগ্ৰ্স্ত) ছোৱালী এজনী বঙাইগাঁও জিলাৰ ডঙাইগাও‍ঁ ত যোৱা কেইবাদিনো ধৰি আছে জানিব পাৰি আমি জিলা সমিতি খবৰ লবলৈ চেষ্টা কৰো। 
 বঙাইগাঁও wariors  জিলাৰ উপদেষ্টা ভৃগু হাজৰিকা ( দাদা) ই  তেখেতৰ বন্ধু wariors ৰ' শুভাকাংশী কংকন ৰায়ৰ সহযোগত মানিকপুৰ থানাৰ OC ৰ' লগত যোগাযোগ কৰি আজি ছোৱালী জনীক  উদ্ধাৰ কৰি বঙাইগাঁও ৰ CHILD  protection centreত ৰখোৱা ব্যৱস্থা কৰা হয়। 

এই ক্ষেত্ৰত সহায় কৰা আমাৰ সতীৰ্থ উপদেষ্টা ভৃগু হাজৰিকা,। মানিকপুৰ থানাৰ OC মহোদয় লগতে কংকন ৰায়ক ধন্যবাদ জনালো।🙏🏻🙏🏻

     

01-11-2022

💢 💢বিনামূলীয়া প্ৰাথমিক চকু চিকিৎসা শিবিৰ 💢💢

  ▪️ আজি ইংৰাজী ৩১/১০/২০২২ তাৰিখ সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ০৫ বজালৈ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাওঁ আঞ্চলিক সমিতিয়ে নগাঁৱ ডিমৰুগুৰি ERC চকু চিকিৎসালয়ৰ উদ্যোগত এক বিনামূলীয়া প্ৰাথমিক চকু চিকিৎসা শিবিৰ অনুস্থিত কৰে । আজিৰ অনুস্থানটোত নগাঁৱ জিলাৰ সম্পাদক ইক্ৰামুল হক, গোলাঘাট জিলা সমিতিৰ সহ: সম্পাদক উজ্জ্বল দত্ত, জিলাৰ বিত্ত সম্পাদক ও আঞ্চলিকৰ উপদেষ্টা দেৱ-প্ৰতিম দ'লে,  জিলাৰ জন-সংযোগ সম্পাদিকা ও আঞ্চলিকৰ উপদেষ্টা প্ৰিয়াংকী শইকীয়া, কাকডোঙা আঞ্চলিক সম্পাদিকা তুলপ্ৰিয়া দত্ত,   আঞ্চলিকৰ সভানেত্ৰী নেত্ৰজ্যোতি গগৈ হাজৰীকা , সম্পাদিকা ময়ূৰী দত্ত, বিত্ত  সম্পাদিকা পম্পী নেওগ, জনসংযোগ সম্পাদিকা  বৰ্ণালী হাজৰীকা দাস, সক্ৰিয় সদস্য অনিল পেগু, অংকুৰ জ্যোতি দাস, মহম্মদ চাইফুৰ ৰাহমান উপস্থিত থাকে । 
     আজিৰ অনুষ্ঠান টোত সকলোকে ৰাইজৰ আগত চিনাকি কৰাই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে জিকিৰ সম্ৰাট্ৰ ৰেকিব উদ্দিন আহমেদ সামহিক ভৱনৰ সমিতি খনে অনুষ্ঠান টো অনুস্থিতি কৰাত বহু খিনি সহায় হাত আগবঢ়োৱাৰ বাবে বিষয়ববীয়া সকলক এখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । 
      উল্লেখযোগ্য কথা এয়ে যে, আজিৰ এই শিবিৰত প্ৰায় এক শতাধিক পুৰুষ-মহিলা, সৰু লৰা-ছোৱালীৰ মাজত বিনামূলীয়া চকু পৰীক্ষা, প্ৰাথমিক ঔষধ তথা পৰামৰ্শ আৰু ৰেহাই মূল্যত চশমা প্ৰদান কৰা হয়। 
      ইক্ৰামুল হকৰ যথেষ্ট সহযোগিতা আৰু স্থানীয় ৰাইজৰ উপস্থিতি উক্ত শিবিৰটো বিয়লি সফলতাৰে সমাপ্তি ঘটে ৷

🔸WARIORS গোলাঘাট জিলা

DLSA_আৰুএগৰাকীমহিলাৰ_অধিকাৰ

দিনাংকঃ ০১/১১/২০২২

গোলাঘাট জিলাৰ খুমটাইৰ এগৰাকী মহিলা ২০২০ চনত বিবাহ হৈছিল বোকাখাতলৈ । বিবাহ হোৱাৰ পাছৰে পৰাই তেওঁ স্বামীৰ পৰা পাইছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ। তেওঁ অন্তসত্বা অৱস্থাতে তেওঁক স্বামীয়ে এৰি দিয়ে ৷ তাৰ পিছত পৰা তেওঁ মাকৰ ঘৰত থাকিবলৈ লয়। যোৱা ২০২২ চনৰ ৪ অক্টোবত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হয়। জন্মৰ সময়ত খৱৰ দিয়াৰ পিছতো তেওঁৰ স্বামী নাহিল। আৰু আজিৰ পৰ্যন্ত কোনো খৱৰ লোৱা নাই । কণমানিটোৰ সৈতে মহিলা গৰাকী বহু বিপদৰ সন্মুখিন হোৱাৰ বাৱে যোগাযোগ কৰে Wariors গোলাঘাট জিলাৰ সভানেত্ৰী বনশ্ৰী গগৈ সৈতে । মহিলা গৰাকীক ন্যায় দিবৰ নিমিত্তে WARIORS ৰ পৰা যোগাযোগ কৰা হয় গোলাঘাটৰ জিলা #আইনসেৱাপ্ৰাধিকৰণ(DLSA) ৰ লগত। আজি মহিলা গৰাকীৰ যাৱতীয় সকলো কাম কৰি দিয়াৰ লগতে কাষত সাহস হৈ ঠিয় দিয়া যুদ্ধা সকল ক্ৰমে জিলাৰ সহঃ সম্পাদক উজ্জ্বল দত্ত , নৰাগাঁও আঞ্চলিকৰ সভানেত্ৰী সবিতা বৰুৱা , মৰঙি আঞ্চলিকৰ সভানেত্ৰী জুলি হাজৰিকা, দেৰগাওঁ আঞ্চলিকৰ বিত্ত সম্পাদিকা পম্পী নেওগ৷
সুখৰ কথা যে DLSA ৰ জৰিয়তে বিনামূলীয়াকৈ বহু অসহায় নাৰীক ন্যায় প্ৰদান কৰা হৈছে ।

Wariors লখিমপুৰ জিলা সমিতি
তাৰিখ: ০১/১১/২০২২

বিষয় : শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

      যোৱা ২৮ অক্টোবৰ, ২০২২ তাৰিখে অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱৰ মৃত্যুৱে সমগ্ৰ অসমবাসীৰ লগতে Wariors লখিমপুৰ জিলাৰ সতীৰ্থ সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পেলায় । সেয়েহে আজি লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা মহান চিত্ৰশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰা হয়। চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱ অমৰ হওক। 
     আজিৰ কাৰ্যসূচীত লখিমপুৰ জিলাৰ সভানেত্ৰী দিপালী দাস বাইদেৱ, সম্পাদিকা ৰেখাশ্ৰী হাজৰিকা, বিত্ত সম্পাদক সৌৰভ জ্যোতি নাথ, জনসংযোগ সম্পাদিকা আশাৰাণী নাথ উপস্থিত থাকে। লগতে নগৰ আঞ্চলিকৰ জিনামণি হাজৰিকা গগৈ, পানীগাও আঞ্চলিকৰ আজিজা বেগম আৰু গুলেনা বেগম উপস্থিত থাকে। 

দিনাংকঃ ০১/১১/২০২২

*বৰপেটা জিলা Wariors ৰ ফালৰ পৰা সম্বৰ্ধনা

     আজি ১/১১/২০২২ ইং তাৰিখে বঙাইগাঁও জিলা Wariorsৰ এগৰাকী সক্ৰিয় সদস্য দীপাংকৰ ৰাভাই save nature,save life ,stop rape উদ্দেশ্যেৰে Cycleৰে বঙাইগাঁও জিলাৰ কাকৈজানাৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰে । 

    *বৰপেটা ৱাৰিঅৰ্চৰ তৰফৰ পৰা তেখেতৰ যাত্রা লগতে উদ্দেশ্য সফল হওক তাকেই কামনা কৰিএখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় লগতে ক্ষুদ্ৰ বৰঙণি এটি আগবঢ়োৱা হয় *

     আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে বৰপেটা জিলাৰ সম্পাদিকা কল্পনা বৰ্মন মহোদয়া ।

WARIORS লখিমপুৰ জিলা সমিতি
তাৰিখ: ০১/১১/২০২২

  বিষয় : সজাগতা সভা ও সম্বৰ্ধনা অনুষ্ঠান।

  আজি ইংৰাজী ১ নৱেম্বৰ, ২০২২ তাৰিখ মঙ্গলবাৰে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু পানীগাওঁ আঞ্চলিকৰ সহযোগত লখিমপুৰ জিলাৰ অন্তৰ্গত এঙাৰখোৱা অঞ্চলৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা এগৰাকী সমাজ কৰ্মী তথা সু জিকিৰ গায়ক, ২০১৬ চনত প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰাপ্ত শ্ৰীযুত মহাবুল ৰহমান দেৱক সম্বৰ্ধনা জনোৱা হয়। লগতে এখনি সজাগতা সভা আয়োজন কৰা হয়। সভাখনৰ আঁত ধৰে জিলাৰ জনসংযোগ সম্পাদিকা আশাৰাণী নাথে। সভাৰ মাজতে মহাবুল ৰহমান দেৱক এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনোৱা হয়। তেখেতে এটি জিকিৰ পৰিৱেশন কৰাৰ লগতে নিজৰ জীৱন আৰু কৰ্মৰ বিষয়ে বৰ্ণনা কৰে। আজিৰ সভাতে অতি সোনকালে এঙাৰখোৱা অঞ্চলত এখন আঞ্চলিক গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 
    আজিৰ অনুষ্ঠানত উপস্থিত থকা লখিমপুৰ জিলাৰ বিষ‌য়ববীয়া সকল হ'ল - 

১) শ্ৰীযুতা দিপালী দাস (জিলা সভানেত্ৰী)
২) শ্ৰীমতী ৰেখাশ্ৰী হাজৰিকা (জিলা সম্পাদিকা)
৩) শ্ৰী সৌৰভ জ্যোতি নাথ, (বিত্ত সম্পাদক)
৪) শ্ৰীমতী আশাৰাণী নাথ (জনসংযোগ সম্পাদিকা)
‌ লগতে নগৰ আঞ্চলিকৰ জিনামণি হাজৰিকা গগৈ, পানীগাও আঞ্চলিকৰ আজিজা বেগম আৰু গুলেনা বেগম উপস্থিত থাকে।

📃আজি ইং 1/11/2022 তাৰিখে অতি জৰুৰী ভাৱে গোলাঘাট জিলাৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা গোলাঘাট জিলাৰ নিবাসী # পলাশ গগৈ নামৰ অসহায় ভুক্তভোগী ৰোগীগৰাকীৰ ৰক্তৰ প্ৰয়োজন হোৱাত আৰ্তজনক সহায়ৰ বাবে আগুৱাই আহি গোলাঘাট. জিলাৰ ব্লাড ডনাৰ’ছ #দেৱৰাজ প্ৰধানে ৰক্তদান কৰে।
🔖হে…মহান, Wariors : ব্লাড ডনাৰ’ছ অসম পৰিয়ালে এই সুযোগতে আপোনালোকৰ সুস্বাস্থ্য তথা ৰোগী গৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ। আহক… আমি প্ৰত্যেকেই এজন নিয়মীয়া ৰক্তদাতা হৈ নিজকে নিৰোগী কৰি ৰখাৰ লগতে আন এজনক জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান দি অংশীদাৰ হওঁক।■
⭕#Donate blood and save life
⭕#Be Brave And Donate Blood
⭕#Be Kind To Help The Needy
⭕#Be Grateful And Donate Blood
#W_A_R_I_O_R_S

তিনিচুকীয়া জিলাৰঅন্তৰ্গতলিডুআঞ্চলিকসমিতি ৷

তৰিখ : ৩১/১০/২২
🌀প্ৰতিবেদন🌀

   ২৭/১০/২০২২ তাৰিখ বৃহস্পতিবাৰে স্বৰ্গগামী হোৱা অসমীয়া ছবি জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামী দেৱ আৰু ২৮/১০/২০২২ তাৰিখ শুক্ৰবাৰে স্বৰ্গগামী হোৱা বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে। সেই‌ হেতুকে এই মহান ব্যক্তি দুজনৰ আত্মাৰ সদ্গতি কামনা কৰি এগছি  বন্তি প্ৰজ্বলন কৰি এই মহান ব্যক্তি দুজনলৈ লিডু আঞ্চলিকৰ তৰফৰ  পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।
  কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে wariors লিডু আঞ্চলিকৰ উপদেষ্টা তথা জিলাৰ সহ সম্পাদক সুনন্দ গগৈদেৱ আৰু উপ-সভানেত্ৰী অনুপ্ৰভা চেতিয়া ডাঙৰীয়ানীয়ে আৰু তাৰ পিছতেই উপস্থিত সকলোৱে এপাহিকৈ ফুলেৰে শ্ৰদ্ধাঞ্জলী জনাই আৰু  সকলোৱে ১মিনিত মৌন প্ৰাৰ্থনা জনাই ! অনুষ্ঠানটিৰ আঁত ধৰে লিডু আঞ্চলিকৰ সহঃ সম্পাদক হৰি প্ৰধান দেৱে।অনুষ্ঠানটিত আমাৰ মাজৰ পৰা হেৰাই যোৱা এই দুগৰাকী মহান ব্যক্তিৰ কৰ্মৰাজি সম্পৰ্কে হৰি প্ৰধানদেৱে বহলাই বাখ্যা কৰি বক্তব্য ডাঙি ধৰে !।সৰ্বশেষত  বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে সামূহিক প্ৰাৰ্থনাৰে অনুষ্ঠানটি সামৰণি মৰা হয় !
 আজিৰ কাৰ্যসুচীত উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰে  ক্ৰমে লিডু আঞ্চলিকৰ  সম্পাদিকা টুবলি দাস, সদস্য-সদস্যা ক্ৰমে ডি আপনা,দীপ্তি চাংমাই ,স্থানীয় জীৱিকা সখী  আৰু তিনিটা মহিলা গাম্য সংগঠনো উপস্থিত আছিল !

🌸🌸প্ৰতিবেদন 🌸🌸

  • নলবাৰী জিলা সমিতি আৰু জাপাৰকুছি আঞ্চলিকৰ ফালৰ পৰা সম্বৰ্ধনা
  • তাৰিখ:-১/১১/২০২২ আজি ১/১১/২০২২ ইং তাৰিখ মংগলবাৰে বঙাইগাঁও জিলা Wariorsৰ এজন সক্ৰিয় সদস্য দীপাংকৰ ৰাভা (ৰাতুল) এ ১ নৱেম্বৰ ২০২২ ইং তাৰিখৰ পৰা “Save nature Save life” আৰু “Stop Rape” উদ্দেশ্যেৰে Cycle rideৰ জৰিয়তে অসম ভ্ৰমণৰ এক কাৰ্যসূচী হাতত লৈছে৷তেওঁৰ এই কাৰ্যসূচীক উৎসাহিত কৰাৰ বাবে নলবাৰী জিলা wariorsৰ আৰু জাপাৰকুছি আঞ্চলিকৰ তৰফৰ পৰা তেওঁক যাত্ৰাৰ প্ৰাকক্ষণত তেওঁক শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে নলবাৰীৰ গণেশ মন্দিৰৰ ওচৰত নৱনিৰ্মিত নলবাৰী জিলাৰ প্ৰৱেশ দ্বাৰ তথা স্বাগতম তোৰণৰ সন্মুখত সতীৰ্থ গৰাকীক নলবাৰী জিলা সমিতি আৰু জাপাৰকুছি আঞ্চলিকৰ ফালৰ পৰা নলবাৰী জিলালৈ আদৰণি জনোৱাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা তেখেতলৈ ৱাৰিঅৰ্চৰ পতাকা খন উপহাৰ হিচাপে আগবঢ়োৱা হয়। তেখেতক আমি হোটেলত নি খুওৱাৰ ব্যৱস্থা কৰিব খুজিছিলো যদিও তেখেতে নাখাও বুলি কোৱাত ৰাষ্টাত কিবা এটা খাবলৈ আমাৰ ফালৰ পৰা নুন‍্যতম বৰঙণি এটা হাতত দিও। সকলোৱে তেওঁৰ এই যাত্ৰাত শুভকামনা , মৰম আৰু আশীৰ্বাদেৰে ওপচাই দিয়ে । নলবাৰী গণেশ মন্দিৰ ওচৰত বহুত মানুহৰ সমাৱেশ হয় আৰু সকলোৱে সতীৰ্থ গৰাকীক মৰম আৰু আশীৰ্বাদ দিয়ে । সতীৰ্থ গৰাকী আবেগিক হৈ পৰে। তেওঁ কয় যে-আপোনালোকৰ ইমান মৰম পাম বুলি ভবাই নাছিলোঁ। সচাকৈ বহুত ভাল লাগিল আজি। সতীৰ্থ গৰাকীৰ এই মহান উদ্দেশ্য সফল হওক তাৰেই কামনা কৰিলো।
  • আজিৰ কাৰ্য্যসূচীত সহযোগ কৰিলে নলবাৰী জিলা সমিতিৰ উপদেষ্টাদ্বয় সজল চৰকাৰ ডাঙৰীয়া আৰু ঈছলামুদ্দিন আহমেদ , সভাপতি সুকন বৈশ‍্য ডাঙৰীয়া, উপ সভানেত্ৰী পাপৰি কলিতা মহোদয়া সম্পাদিকা মঞ্জু বৈশ‍্য মহোদয়া, জনসংযোগ সম্পাদিকা অলিস্মিতা কাশ‍্যপ, সদস্য ৰছিদুল হুছেইন আৰু জাপাৰকুছি আঞ্চলিকৰ জনসংযোগ সম্পাদিকা চুনুমা বৈশ‍্য মহোদয়া আদি।

02-11-2022

প্ৰতিবেদন
Wariors: মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ।
ৰঙিয়া আঞ্চলিক,
কামৰূপ জিলা
আজি ইং 2/11/2022 বুধবাৰে Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ , ৰঙিয়া আঞ্চলিক ৰ সতীৰ্থ সকলে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী শ্ৰী যুত থানেশ্বৰ বড়ো ডাঙৰীয়াৰ অসুস্থতা আৰু বৃদ্ধ অৱস্থাৰ খবৰ কৰো । আমি তেখেতক এখন ” কীৰ্ত্তন ঘোষা ” আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ ।
তেখেতে Wariors ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু তেখেতৰ Auto -Biography ৰ এটা copy , অধ্যক্ষ উৎপল শিৱম ডাঙৰীয়ালৈ আমাৰ হাতত দিয়ে।
আমি বড়ো চাৰৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ পৰা আশীৰ্বাদ লৈ উভতি আহো ।
মই গয়াৰানী ডেকা ( সভানেত্ৰী ৰঙিয়া আঞ্চলিক সমিতি ) আৰু মোক সহযোগ কৰিলে সদস্যা সীমা বৈশ্য আৰু নমিতা কলিতাই।
তেখেত সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

♻️প্ৰতিবেদন
Wariors চৰাইদেউ জিলা সমিতি
চৰাইদেউ জিলাৰ সোণাৰি আঞ্চলিকলৈ অহা আবেদনৰ ভিত্তিত আজি ইং 02/11/2022 তাৰিখে আমি চৰাইদেউ জিলাৰ ন্যায় প্ৰাধিকৰণ কাৰ্যালয়ত উপস্থিত হও ।
আবেদন কাৰী ভুক্তভোগী মহিলা গৰাকীৰ ১৭ বছৰীয়া সংসাৰত আজি ৬ মাহৰ পৰা কেৰুণ লাগে । দুটা সন্তানৰ মাতৃ গৰাকী ঘৰৰ পৰা তেওঁৰ স্বামীয়ে বাহিৰ কৰি দিয়ে । মহিলা গৰাকীয়ে অভয়পুৰ থানাত কেচ দিয়াত তেওঁৰ স্বামীয়ে থানাত ভৱিষ্যতে কোনো অত্যাচাৰ নকৰা আৰু পত্নী হিচাপে গ্ৰহন কৰাৰ লিখা দি ঘৰলৈ আনে । অলপ দিন পিছত আকৌ তালাক দিলো বুলি ঘৰৰ পৰা ওলাই যাবলৈ মানসিক অত্যাচাৰ কৰে । অতিষ্ঠহৈ মহিলা গৰাকীয়ে আমাক আবেদন দিয়ে ।
আজি ভুক্তভোগী মহিলা গৰাকী , তেওঁৰ পিতৃ আৰু চুবুৰীয়া এগৰাকীৰ সৈতে চৰাইদেউ জিলাৰ ন্যায় প্ৰাধিকৰণ সচীৱৰ লগত Wariors তৰফৰ পৰা তৰু ডি বড়া ,(চৰাইদেউ জিলা সমিতিৰ সম্পাদিকা) আৰু মই ঋজুমণি কোঁ‌ৱৰে( সোণাৰি আঞ্চলিক সমিতিৰ সভানেত্ৰী)বিষয় টো আলোচনা কৰো ।
পৰবৰ্তী পৰ্য্যায়ত ন্যায় প্ৰাধিকৰণে সহায় কৰিব বুলি কথা দিয়ে ।

শ্ৰদ্ধাৰে

 ঋজুমণি কোঁ‌ৱৰ।

সভানেত্ৰী ,সোণাৰি আঞ্চলিক সমিতি, চৰাইদেউ জিলা

প্ৰতিবেদন
চিলাপথাৰ আঞ্চলিক সমিতি,জিলা ধেমাজী

    চিলাপথাৰৰ বাসিন্দা 

সুষমা বড় বড়াৰ স্বামীৰ মৃত্যু হোৱাত দুৰ্ভগীয়া তথা শোকস্তদ্ধ পৰিয়ালটিলৈ চিলাপথাৰ আঞ্চলিক সমিতি তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰাৰ লগতে সামান্যমান জলপান দিয়াৰ উদ্দেশ্য যোৱা ইং-১/১১/২০২২তাৰিখে আমি তেওঁলোকৰ ঘৰত উপস্থিত হওঁ।

প্ৰতিবেদন*
Wariors, লখিমপুৰ জিলা সমিতি
তাৰিখ: ০২/১১/২০২২

      আজি ইংৰাজী ২ নৱেম্বৰ, ২০২২ তাৰিখ  বুধবাৰে লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা নাৰায়ণপুৰ আঞ্চলিকৰ সতীৰ্থ সকল নাৰায়ণপুৰৰ জৰাবাৰীত উপস্থিত হওঁ। কেইদিনমানৰ আগতে ফেচবুকত Wariors ৰ বিষয়ে জানিব পাৰি তিনিচুকীয়া জিলাৰ এগৰাকী মহিলাই লখিমপুৰ জিলাৰ জনসংযোগ সম্পাদিকা আশাৰাণী নাথৰ লগত যোগাযোগ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তেওঁৰ ভাগিনীয়েকৰ পুত্ৰ যোৱা চাৰিবছৰ ধৰি এটি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। ভাগিনীয়েক মিনালী শইকীয়াৰ পতি যোৱা বছৰ ঢ়ুকাইছে। অকলশৰীয়া মহিলা গৰাকীৰ পুত্ৰৰ চিকিৎসাৰ বাবে তেওঁ আমাৰ পৰা সহায় বিচাৰিছিল। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আজি আমি তেওঁৰ ঘৰত উপস্থিত হওঁ।
  আমি কণমানি টোলৈ গৰম কাপোৰ আৰু অলপমান খোৱা বস্তু লৈ যাও আৰু ক্ষুদ্ৰতম সাহায্য আগবঢ়াও। নাৰায়ণপুৰ আঞ্চলিকৰ উপ সভানেত্ৰী পল্লৱী গগৈ মহোদয়াৰ পৰা শিশু সকলৰ বাবে থকা বিনামূলীয়া চিকিৎসাৰ সুবিধাৰ কথা জানিব পাৰি আমি কণমানি টোৰ বাবেও সেই সুবিধাৰ ব্যৱস্থা কৰাৰ কথা আলোচনা কৰোঁ।
     অতি সোনকালে তেওঁলোকে কণমানি টোক লখিমপুৰ মেডিকেললৈ অনাৰ ব্যৱস্থা কৰিব তাত আমাৰ নাৰায়ণপুৰ আঞ্চলিকৰ সতীৰ্থ সকলে তেওঁলোকক সহায় কৰিব। আৰু মেডিকেলৰ যাৱতীয় কাম-কাজ খিনিত আমি লখিমপুৰ জিলা সমিতিয়ে তেওঁলোকক সহায় সহযোগিতা কৰিম। 
    আজিৰ কাৰ্যসূচীত মহিলা গৰাকী আৰু কণমানি টোৰ কাষত সাহস হৈ থিয় দিয়া লখিমপুৰ জিলাৰ বিষয়ববীয়া তথা নাৰায়ণপুৰ আঞ্চলিকৰ সতীৰ্থ সকল হ'ল: 

১) শ্ৰীযুতা দিপালী দাস, (জিলা সভানেত্ৰী )
২) শ্ৰীমতী ৰেখাশ্ৰী হাজৰিকা, (জিলা সম্পাদিকা)
৩) শ্ৰী সৌৰভ জ্যোতি নাথ, (জিলা বিত্ত সম্পাদক)
৪) শ্ৰীমতী আশাৰাণী নাথ (জিলা জনসংযোগ সম্পাদিকা)
৫) শ্ৰীমতী পৰিস্মিতা বৰা, (সভানেত্ৰী নাৰায়ণপুৰ আঞ্চলিক)
৬) শ্ৰীমতী পল্লৱী (এনিশা) হাজৰিকা গগৈ (উপ সভানেত্ৰী, নাৰায়ণপুৰ আঞ্চলিক)
৬) শ্ৰীমতী তৰালী দাস (সদস্যা, নাৰায়ণপুৰ আঞ্চলিক)
৭) শ্ৰীমতী জিনামণি হাজৰিকা গগৈ (সদস্যা, লখিমপুৰ জিলা)
আমাক দিহা পৰামৰ্শ দি আৰু আৰ্থিক ভাৱে সহায় সহযোগিতা কৰা লখিমপুৰ জিলাৰ তথা নাৰায়ণপুৰ আঞ্চলিকৰ প্ৰতিগৰাকী সতীৰ্থলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

প্ৰতিবেদক: আশাৰাণী নাথ
জনসংযোগ সম্পাদিকা, লখিমপুৰ জিলা

ধন্যবাদেৰে
লখিমপুৰ জিলা সমিতি

আজি ইং ৬/১১/২০২২ তাৰিখে Wariors শোনিতপুৰ জিলাৰ তৰফৰ পৰা কেক বনোৱা প্ৰশিক্ষন পতা হয়। কেইবা গৰাকীয়েও এই প্ৰশিক্ষনত ভাগ লয়।

আজিৰ এই কেক প্ৰশিক্ষন দিছিল Wariors ৰ মোনাবাৰী আঞ্চলীকৰ শ্ৰদ্ধাৰ প্ৰিতি চোনা মহোদয়াই।

আজিৰ এই প্ৰশিক্ষন কেন্দ্ৰত উপস্থিত আছিল, আমি নিমন্ত্ৰন কৰিছিলো ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণা মহোদয়া আৰু তেখেতৰ লগতে শোনিতপুৰ জিলাৰ উপসভাপতি শ্ৰদ্ধাৰ অৰ্জুন চেত্ৰী ডাঙৰীয়া, সম্পাদিকা বিৰতি বৰঠাকুৰ, বিত্ব সম্পাদিকা স্মৃতিৰেখা হাজৰীকা, আইনী বিষয়া ৰিমা হাজৰীকা আৰু প্ৰশিক্ষন লবলৈ অহা কেইবাগৰাকীও।

আজিৰ এই কেক প্ৰশিক্ষনত Wariors সতীৰ্থ সকলৰ লগতে বাকী কেইগৰাকীও উপকৃত হৈছে বুলি জানিবলৈ দিয়ে।

বৰগুৰি ঐতিহ্য ক্ষেত্ৰ অকামলুৱা পৱিত্ৰ দিনটোত খোৱা পানী বিতৰণ কাৰ্য্যসূচী

  ▪️ আজি ইংৰাজী ৬/১১/২০২২ তাৰিখ দেওবাৰে মৰঙি আঞ্চলিক সমিতিৰ উদ্যোগত গোলাঘাটৰ জিলাৰ বৰগুৰি ঐতিহ্য ক্ষেত্ৰ অকামলুৱাৰ পৱিত্ৰ দিনটোত যিহেতু অগণন গুণমুগ্ধ সমবেত হয় সেই উপলক্ষে বিনামূলীয়া ভাৱে খোৱা পানী বিতৰণ কৰা হয়। পানী খোৱা গিলাচ বোৰ য'ত ত'ত পেলালে পৰিৱেশ দূষিত হ'ব, পৰিৱেশৰ দূষিত নহ'বৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰা হয়।
  আজিৰ কাৰ্যসূচী ভাগত উপস্থিত থাকে- গোলাঘাট জিলাৰ সহঃ সম্পাদক তথা মৰঙি আঞ্চলিকৰ উপদেষ্টা উজ্বল দত্ত,  মৰঙি আঞ্চলিক সহঃ বিত্ত সম্পাদিকা তৃষ্ণা বৰা, সক্ৰিয় সদস্য লাতু মনি গগৈ।

সহযোগ কৰিবলৈ আগবাঢ়ি আহে – গোলাঘাট জিলাৰ সংস্কৃতিক সম্পাদক সমুদ্ৰ সৈকত, গনক পুখুৰী আঞ্চলিকৰ সহঃ বিত্ত সম্পাদক প্ৰাঞ্জল বৰা, সহঃ জনসংযোগ সম্পাদক মিন্টু বৰা, ঢেকিয়াল আঞ্চলিকৰ উপ সভানেত্ৰী মঞ্জুশ্ৰী বৰা, সদস্যা মৃদুস্মিতা গগৈ,
নুমলিগড় আঞ্চলিকৰ সম্পাদিকা ৰিকিমনি বৰা আৰু SANJIV Tea Industry ৰ কৰ্মচাৰী মইনা গগৈয়ে আজি আমাক ২০০০ লিটাৰ খোৱা পানী যোগান ধৰে Sanjiv Tea Industry ৰ স্বতাধিকাৰ সন্মানীয় সঞ্জীৱ গগৈ দেৱে।
শেষত ইমান এটা মহান কায্যসুচীত আমাক সহায় কৰা প্ৰতিজন যোদ্ধালৈ ইয়াৰ পৰাই ধন্যবাদ জনালোঁ ৷

আজি ৱাৰিয়ৰ্ছৰ এগৰাকী কৰ্মকৰ্তা হৈ গৌৰৱ অনুভৱ কৰিছোঁ যে মাজুলীত ৱাৰিয়ৰ্ছ ৰ প্ৰচাৰ আৰু প্ৰসাৰ আগতকৈ দ্ৰুত গতিত বৃদ্ধি পাইছে । যাৰ কাৰণে ২ নং ভোৱামৰা গাওঁৰ মুকলি মঞ্চত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধীনত আজি ০৬ নৱেম্বৰ দেওবাৰে এখনি সজাগতা সভা অনুস্থিত কৰিছিল আৰু সেই সভাত আমাক নিমন্ত্ৰণ কৰি আমাৰ কামসমূহৰ বাবে শলাগ লৈ প্ৰতি ক্ষেত্ৰত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। আজিৰ এই নিমন্ত্ৰণ আছিল মাজুলী জিলা আইন প্ৰাধিকৰণে দিয়া দ্বিতীবাৰৰ নিমন্ত্ৰণ।

   আজি সভাখনত মাজুলী জিলাৰ সম্পাদিকা জ্যোৎস্না দাস, ৰাৱণাপাৰ আঞ্চলিকৰ সম্পাদিকা সুস্মিতা দাস উপস্থিত থাকে।

০৫-১১-২০২২

   আজি শিৱসাগৰ Wariorsৰ সহযোগত বিশেষভাৱে সক্ষম চাৰিগৰাকী ব্যক্তিক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় । । 
    "ACCESSIBLE AWARNESS RIDE"নামেৰে গুৱাহাটীৰ পৰা প্ৰায় আধা অসম ভ্ৰমণ কৰি চাৰিগৰাকী বিশেষভাৱে সক্ষম লোক আহি কালি শিৱসাগৰত উপস্থিত হয়হি । । তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰোতেই শিৱসাগৰত দুটা ৰাতি কটোৱাৰ সিদ্ধান্ত লৈছিল ,সেইসূত্ৰে তিনিচুকীয়া এগৰাকী সতীৰ্থই তেওঁলোকে আমাক সহায় বিছৰা কথা জনাইছিল আৰু আমিও তেওঁলোকক যথপৰোনাস্তি সহায় কৰিম বুলি সংকল্পবদ্ধ হৈছিলো । 
      Wariors শিৱসাগৰ জিলা সহযোগত তেওঁলোকৰ বাবে  শিৱসাগৰ স্থিত পৰ্যটক নিৱাসত দুটাৰাতি থকাৰ খৰছ বহন কৰি ,সকলো সা-সুবিধা কৰি দিবলৈ সক্ষম হলো । 

 পুৱাতেই জিলাৰ উপদেষ্টা মহোদয়ে তেওঁলোকৰ বাবে চাহ-জলপানৰ টোপোলা লৈ উপস্থিত হয়গৈ   ।
       আজি তেওঁলোকৰ লগত চা-চিনাকী হোৱাৰ হেপাহেৰে  এটা সম্বৰ্ধনা কাৰ্যসুচী লও ,এই সম্বৰ্ধনা কাৰ্যসুচীটো গৌৰীসাগৰ আঞ্চলিকৰ ফালৰ পৰা জিলাৰ সতীৰ্থৰ উপস্থিতিত পৰিসমাপ্তি কৰা হয় । । 
       উক্ত কাৰ্যসুচীটোতে Wariors ৰ বিষয়ে তেওঁলোকক সুন্দৰভাৱে বুজাই দিয়ে Wariors ৰ ৰাজ্যিক উপাধ্যক্ষা ৰশ্মি কোৱৰ ডাঙৰীয়ানীয়ে আৰু আমাৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি আপ্লুত হৈ আমাৰ লগত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে । । 

     বিশেষভাৱে সক্ষম ভাই-ভনীসকলৰ মাজত সজাগতা সৃষ্ঠিৰ উদ্দেশ্যেৰে তেওঁলোকে এই ভ্ৰমণ কাৰ্যসুচী লোৱা বুলি জানিব দিয়ে । 
      নগৰ-আঞ্চলিকৰ ফালৰ পৰা তেওঁলোকক আজি ৰাতিৰ সাজ খোৱাৰ বাবে ব্যৱস্থা কৰে । । 
    তেওঁলোকক এইকণ সহায় কৰিবলৈ আমি সচাঁই সুখী ,কাৰ্যসুচীটো সফল ৰূপায়নত সহায় কৰা সকলোলৈকে কৃতজ্ঞতা জনালো ।

WARIORS:-মহিলা সজাগতা আৰু গ্ৰামোন্নয়ণ সংস্থা তথা জ্যোতিৰময় সমাজ
বিশ্বনাথ জিলা সমিতি।
প্ৰতিবেদন,
আজি ইং 05/11/2022 তাৰিখে বিশ্বনাথ জিলাৰ আমবাড়ীস্থিত ৰাষ্ট্ৰীয় বিদ্যালয়ত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ।উক্ত সভাখন, অধিবেশনৰ পাছতেই সম্পাদকৰ পদ ৰিক্ত হৈ থকা আৰু সমিতিৰ কিছু সাল সলনিৰ উদ্দেশ্যে আয়োজন কৰা হয় । সভাত WARIORS ৰ অধ্যক্ষ স্বয়ং উৎপল শিৱম মহোদয়ৰ উপস্থিতিত সভানেত্ৰী অঞ্জলী বৰুৱাই সভাখন পৰিচালনা কৰে।সভাৰ আলোচনা,সৰ্বসম্মতি আৰু অধ্যক্ষ মহোদয়াৰ পৰামৰ্শ মৰ্মে নিম্নলিখিত এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়।
উপদেষ্টা মন্ডলি:-
শ্ৰী সূৰ্য নাৰায়ণ পান্ডে,মঃ প্ৰীন্স ছামচুল হক, শ্ৰী মহেন্দ্ৰ হাজৰিকা শ্ৰীমতী জয়ন্তী শৰ্মা।
সভানেত্ৰী–শ্ৰীমতী অঞ্জলী বৰুৱা
উপসভানেত্ৰী–শ্ৰীমতী কুঞ্জলতা বৰা
সম্পাদক–শ্ৰী শিশিৰ সৰকাৰ
সহ সম্পাদিকা–শ্ৰীমতী ববী শইকীয়া শ্ৰীমতী প্ৰীতি সোনা
বিত্ত সম্পাদিকা– শ্ৰীমতী পুৰবী বৰা বিত্ত সহ সম্পাদিকা– শ্ৰীমতী সুমিত্ৰা দাস ,শ্ৰী ৰীমা বৰা

জনসংযোগ–শ্ৰী মুকেশ সিং
প্ৰচাৰ সম্পাদক– শ্ৰী শ্ৰীমন্ত দাস
কৰ্য্যকাৰী সদস্য/সদস্যা
সৰ্ব শ্ৰী গীতা শইকীয়া, ৰূপাঞ্জলী বৰুৱা,নিৰলা বৰা,মুনমী বৰা শিৱম,ৰাজশ্ৰী দত্ত বনিয়া,কবিতা দাস,বিনীতা পৰাজুলি,ত্ৰিদীপ দাস,উমা তাঁতী, শিখা শৰ্মা, মানসী কলিতা, নিকু হাজৰিকা,ৰিংকী বৰা, পলাশ প্ৰীয়ম, জ্যোতি প্ৰসাদ শইকীয়া ।
সমিতি গঠনৰ পাছত অধ্যক্ষ মহোদয়ে নিজ বক্তব্যৰ লগতে মূল্যৱান পৰামৰ্শ প্ৰধান কৰে আৰু নব নিৰ্বাচিত সম্পাদক মহোদয়ে গঠন মূলক বক্তব্য দাঙি ধৰে আৰু অতি শীঘ্ৰে নতুন নতুন আঞ্চলিক সমিতি গঠনৰ সিদ্ধান্ত প্ৰকাশ কৰাৰ লগতে গৃহজিলা বিশ্বনাথক জাকত জিলিকাবৰ বাবে সভাত উপস্থিত সকলোকে আহ্বান জনায়।শেষত সমানেত্ৰীৰ বক্তব্য সামৰি শলাগৰ শৰাই আগবঢ়ায় সভানেত্ৰী অঞ্জলী বৰুৱা মহোদয়ায় সভা ভঙ্গ ঘোষণা কৰে।
উক্ত প্ৰতিবেদন খন ৰাজ্যিক সমিতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হল।

ইংৰাজী ২১/০২/২০২৩তাৰিখ মঙ্গল বাৰে ২নং মৰাণহাবি গাৱঁৰ মহিলা সকলৰ মাজত Wariors ৰ এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।সভাত সভানেত্ৰীত্ব কৰে মৰাণহাবি গাৱঁৰ জোনমণি চেতিয়াই।নৱ গঠিত নগাহাট আঞ্চলিকৰ সম্পাদিকা জেউতি গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে।

সভাত উপস্থিত থকা মহিলা সকলক Wariors ৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে Wariors ৰ সদস্য হ’বলৈ কি কৰিব লাগে আৰু প্ৰাইম মেম্বাৰৰ সুবিধা সমুহৰ বিষয়ে সুন্দৰ ভাৱে বুজায় কয় চৰাইদেউ জিলাৰ উপ-সভানেত্ৰী যোগমায়া লাহন গগৈয়ে। লগতে মহিলা সকল স্বাৱলম্বী হবলৈ আমাৰ সংস্থাৰ ফালৰ পৰা আগবঢ়োৱা বিভিন্ন সুবিধা সমুহৰ বিষয়ে অৱগত কৰে, তাৰোপৰি ৱাৰিৱৰ্চৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে প্ৰাইম মেম্বাৰৰ সুবিধা কৰি প্ৰিণ্ট কৰা লিফলেট উপস্থিত ৰাইজৰ মাজত বিতৰণ কৰা হয়।

সমজুৱা দুৱাষাৰত পূৰৱী সন্দিকৈয়ে ৱাৰিৱৰ্চৰ বিভিন্ন গঠনমূলক কামৰ শলাগ লয় আৰু অতি সোনকালেই এখন সমিতি গঠন কৰা হ’ব বুলি সকলোৰে হৈ কথা দিয়ে।

শেষত সভানেত্ৰীৰ মন্তব্যৰে সভা ভংগ বুলি ঘোষণা কৰে। আজিৰ সভাত উপস্থিত থাকে

১/চৰাইদেউ জিলাৰ উপ-সভানেত্ৰী যোগমায়া লাহন গগৈ।

২/নগাহাট আঞ্চলিকৰ সম্পাদিকা জেউতি গগৈ।

৩/পূৰৱী সন্দিকৈ।

৪/জোনমণি চেতিয়া।

৫/দীপা শইকীয়া।

৬/দিপালী শইকীয়া বড়া।

৭/বিনা বৰুৱা।

৮/গীতালি গগৈ।

৯/ধৰ্মেশ্বৰ সন্দিকৈ।

১০/আনন্দি মুড়া।

১১/অনিমা সন্দিকৈ।

১২/মামনি গগৈ।

১৩/ৰূপাঞ্জলী ফুকন।

১৪/সংগীতা গগৈ।

১৫/মামু শইকীয়া।

আজি ইংঃ ৪/৩/২৩ তাৰিখে দিনৰ ১২:৩০ বজাত সাপেখাতী থানাৰ এলেকাৰ মৰানহাবিৰ পানীকা বস্তি প্ৰাথমিক বিদ্যালয়ত যোগমায়া লাহন , জেউতি গগৈ তথা পূৰৱী সন্দিকৈৰ আহ্বানত আঞ্চলিক গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়৷

সভাত সভাত সভানেত্ৰীত্ব কৰে চৰাইদেউ জিলাৰ সভানেত্ৰী ঋজুমনি গগৈয়ে৷

চিনাকিপৰ্বৰ আঁত ধৰে নগাহাট আঞ্চলিকৰ সম্পাদিকা জেউতি গগৈয়ে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ উপসভানেত্ৰী যোগমায়া লাহন গগৈয়ে৷

উদ্দেশ্য ব্যাখ্যাত তেখেতে এখন আঞ্চলিক গঠনৰ বাবে সমবেত হোৱাৰ কথা জানিবলৈ দিয়ে৷

আঞ্চলিক গঠনৰ প্ৰাকমুহূৰ্তত সাপেখাতী আঞ্চলিকৰ সম্পাদিকা মনালিছা বড়া বৰুৱাই ৱ’ৰিৰ্ছৰ মূল দহটা লক্ষ্য/উদ্দেশ্যৰ আৰু প্ৰাইম মেম্বাৰৰ সুবিধা/ অসুবিধা সমূহৰ বিষয়ে সাৱলীলভাৱে বৰ্ণনা কৰে৷

সভানেত্ৰী ঋজুমনি গগৈয়ে উপৰোক্ত বক্তাৰ আঁত ধৰি — আৰ্তজনক সহায় কৰাত কি এক মানসিক প্ৰশান্তি পোৱা যায় , সেইকথা নিজৰ অভিজ্ঞতাৰ পৰা দোহাৰি নিজৰ সাৰুৱা বক্তব্য সামৰে৷

ইয়াৰ পাছতে সভাত উপস্থিত সদৌটিয়ে আঞ্চলিক গঠনৰ বাবে আগ্ৰহী বুলি জনায়৷

সভাত উপস্থিত জেষ্ঠ ব্যক্তি খগেশ্বৰ বৰুৱাই কয় যে – “মই এই সভাখনত উপস্থিত থাকি এইটোৱেই বুজি পালো যে – আঁচনিৰ দ্বাৰা নহয় , আঞ্চলিকখন গঠন কৰি মহিলা সকলে প্ৰথমতে শাৰীৰিক তথা মানসিকভাৱে নিজেই নিজকে শক্তিশালী কৰিব লাগিব৷ তেতিয়াহেWariorsৰ আঞ্চলিক গঠনৰ সাৰ্থকতা হ’ব৷”

তাৰপাছতেই শ্ৰীযুক্তা ৰূপাঞ্জলী ফুকনক সভানেত্ৰী আৰু শ্ৰী ধনেশ্বৰ সন্দিকৈক সম্পাদক হিচাবে লৈ এখন ২১ জনীয়া শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়৷

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে — আজি নৱগঠিত আঞ্চলিকখনৰ ৯ জন সতীৰ্থই সভাৰ স্থলীতে আমাৰ হাতত প্ৰাইম মেম্বাৰ ভৰ্তি মাছুল প্ৰদান কৰে৷

সদৌ শেষত সভানেত্ৰীয়ে নৱগঠিত আঞ্চলিকখন চৰাইদেউ জিলাৰ এখন শক্তিশালী সমিতি হোৱাৰ শুভকামনাৰে সকলোকে শুভেচ্ছা জনাই সভা ভংগ ঘোষণা কৰে৷

পূৰ্বতে কেতিয়াও নোহোৱা এক ঘটনা সংঘটিত হ’ব আগন্তুক জুন মাহত। আগন্ত্তক জুনৰ ১০ তাৰিখ ২০২৩ ৰ world eye donation day ৰ দিনা নিজৰ চকুযুৰি মৃত্যুৰ পাছত দান দি আন দৃষ্টিহীন জনক জীৱনৰ পোহৰ বিলাবলৈ সাজু হৈছোঁ আমি,wariors ৰ দুই শতাধিক যুবক যুবতী ,ছাত্ৰ- ছাত্ৰী আৰু সকলো স্তৰৰ লোক। য’ত আছে কিশোৰ কিশোৰীৰ পৰা পৌঢ় ব্যক্তিও। আমাৰ মৃত্যুৰ পাছত যাতে আমাৰ চকুযুৰিয়ে আনৰ তমসাচ্ছন্ন জীৱনত আলোকৰ বৰ্ণালী সৃষ্টি কৰিব পাৰে সেয়ে, ১০ জুন,২০২৩ তাৰিখে একেদিনাই সমগ্ৰ অসমত শ শ wariors ৰ যোদ্ধাই নিজৰ চকুযুৰি দান কৰাৰ বাবে officially তথা legally চুক্তিবদ্ধ হ’ব।

ৰক্তদান,জীৱনদানৰ লগতে, নিৰ্যাতিত জনৰ শেষ আশ্ৰয় স্বৰূপ হৈ পৰা wariors ৰ যুগান্তৰকাৰী এই পদক্ষেপৰ বাবে আমি বিচাৰিলোঁ শুভাশিষ। মানবতা শ্ৰেষ্ঠ ধৰ্ম…. দধীচিৰ দৰে আমি মানবতাৰ হেতু সমৰ্পিত।

আপুনিও যুক্ত হ’ব পাৰে আমাৰ এই পদক্ষেপত। কেৱল wariors donate eyes বুলি 7002629476 লৈ WhatsApp কৰক। আহক আমাৰ মৃত্যুৰ পাছত চকুযুৰি জীয়াই ৰাখোঁ দৃষ্টিহীনজনৰ একাঁজলি আলোক হৈ।

www.wariors.co.in

Wariors: মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ,অসম

Women awareness and rural invigorate organisation cum radiant society

WARIORS : ব্লাড ডনাৰ’ছ অসম

Leave a Reply

Your email address will not be published. Required fields are marked *